www.nk.com
Category:
Uncategorized
Aug 19
ভগবান শ্ৰীকৃষ্ণৰ বিষয়ে কিছু কথা ৷ ————————জন্ম :- আজিৰে পৰা ৫২৪৯ বছৰ পূৰ্বে ৰোহিণী নক্ষত্ৰৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি, বুধবাৰৰ মাজ নিশা । স্থান – মথুৰা । উত্তৰ প্ৰদেশ ।_ _ইংৰাজী 18 July, at 12 – 00 am, 3228 BC. মহাপ্ৰয়াণ :-_আজিৰে পৰা ৫১২৩ বছৰ পূৰ্বে চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি শুকুৰবাৰে দিনৰ ২-৩০ বজাত । স্থান – প্ৰভাস তীৰ্থ, গুজৰাট ।_ _ইংৰাজী 18 February, 3102 BC. 2-30 pm._শ্ৰীকৃষ্ণ ১২৫ বছৰ, ৮ মাহ, দিন জীয়াই আছিল । মহাভাৰতৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণৰ বয়স আছিল ৮৯ বছৰ । মহাভাৰত যুদ্ধ শেষ হোৱাৰ পিছত কৃষ্ণ ৩৬ বছৰ জীয়াই আছিল । শ্ৰীকৃষ্ণ ১০ বছৰ ৮ মাহ বয়সলৈকেহে বৃন্দাবনত আছিল । ১০ বছৰ ৮ মাহ বয়সতে কৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ আহিছিল আৰু মোমায়েক কংসক বধ কৰি বন্দী কৰি থোৱা পিতা-মাতাক উদ্ধাৰ কৰিছিল । পৰৱৰ্তীকালৰ জীৱন চোৱাত কৃষ্ণ কোনো দিনেই বৃন্দাবনলৈ যোৱা নাছিল । ষোল্ল বছৰ বয়সতহে কৃষ্ণ আনুষ্ঠানিক শিক্ষা লাভৰ বাবে সন্দীপনী মুনিৰ আশ্ৰমলৈ ( উজ্জয়িনী, মধ্যপ্ৰদেশ ) গৈছিল । কৃষ্ণই জীৱনকালত চাৰিজন ব্যক্তিকহে নিজ হাতেৰে বধ কৰিছিল । চানুৰা পালোৱান, কংস, শিশুপাল আৰু দন্তবক্ৰ । শিশুকালৰ পৰা মহাপ্ৰয়াণলৈকে কৃষ্ণই বিভিন্ন বিপদ – বিঘিনি – সমস্যাৰ মাজেদি জীৱন অতিবাহিত কৰিব লগা হৈছিল যদিও, তেওঁৰ মুখত সদায়েই সেই ভূৱন ভুলোৱা মধূৰ হাঁহিটো বিৰিঙি আছিল । শ্ৰীৰামচন্দ্ৰই নেপালৰ পৰা শ্ৰীলংকালৈ উত্তৰা – দক্ষিণাকৈ একাত্মতাৰ ডোলেৰে বন্ধা আমাৰ বিশাল ভাৰতবৰ্ষ দেশখনক শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা কুণ্ডিললৈ ( অৰুণাচল ) পূবা- পশ্চিমাকৈ একাত্মতাৰ ডোলেৰে বান্ধিছিল । শ্ৰীকৃষ্ণই ভাৰতীয় জনজীৱনত ইমানেই প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল যে, আজি ভাৰতীয় সংস্কৃতিক কৃষ্ণ সংস্কৃতি বুলিলেও অত্যুক্তি কৰা নহ’ব । যুদ্ধৰ বাবে কৰ্তব্য পালনৰ কথা কবলৈ গৈ বিভিন্ন প্ৰসংগত অৰ্জুনক বুজনি দিওঁতে কৃষ্ণৰ মুখেদি নি:সৃত হোৱা কথা খিনি লিখিত ৰূপত গীতা নামেৰে জনাজাত হোৱা গ্ৰন্থখনেই আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থৰূপে পৰিগণিত হৈছে । য’ত বিশ্বৰ প্ৰতিজন ব্যক্তিয়েই জীৱনৰ প্ৰকৃত মূল্যবোধ বিচাৰি পায় । আমি প্ৰতিজন ভাৰতবাসীয়ে ধন্য, কাৰণ আমি শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰা পুণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি কৃষ্ণ সংস্কৃতিৰে লালিত-পালিত হৈছোঁ । সেই কাৰণেই আমাৰ গুৰুজনাই কৈ গৈছে -কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি । সি সি কদাচিত মনুষ্য হোৱয় ভাৰত বৰিষে আসি ।।
Aug 19
Looking back on a year of working remotely
Aug 19
I check email just two times a day and it’s fine
Aug 19
This is what a typical day looks like for me
Privacy & Cookies: This site uses cookies. By continuing to use this website, you agree to their use.
To find out more, including how to control cookies, see here:
Cookie Policy
Subscribe
Subscribed
www.nk.com
Sign me up
Already have a WordPress.com account?
Log in now.
www.nk.com
Subscribe
Subscribed
Sign up
Log in
Report this content
View site in Reader
Manage subscriptions
Collapse this bar
Design a site like this with WordPress.com
Get started